চন্দ্রযান ২ ৰ বিষয়ে জানো আহক

 


চন্দ্রযান ২ ঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰােৱে অন্ধ্র প্রদেশৰ শ্ৰীহৰিকোটাৰ পৰা চন্দ্রযান-২ চন্দ্ৰলৈ উৎক্ষেপণ কৰে। ২২ জুলাই ২০১৯-ত উৎক্ষেপণ কৰা এই মহাকাশ অভিযানৰ নেতৃত্ব দিয়ে দুগৰাকী মহিলাই। চন্দ্রযান ২-ৰ নেতৃত্বত থকা মহিলা দুগৰাকী হ'ল চন্দ্রযান ২-ব প্রজেক্ট ডাইৰেক্টৰ মুথিয়া বানিথা আৰু চন্দ্রযান ২-ৰ মিছ ডাইৰেক্টৰ ৰিতু কৰিধল। উল্লেখযােগ্য ইতিমধ্যে চন্দ্ৰলৈ মাত্র তিনিখন দেশেহে অভিযান চলাইছে। 

সেইকেইখন দেশ হ’লঃ আমেৰিকা,ৰাছিয়া আৰু চীন। ইতিমধ্যে ভাৰতে চন্দ্ৰলৈ পঠিওৱা চন্দ্রযান-২ য়ে পৃথিৱীলৈ প্ৰেৰণ কৰে পৃথিৱী আৰু চন্দ্ৰৰ ছবি। চন্দ্ৰৰ কক্ষপথৰ পৰা প্ৰেৰণ কৰিছে পৃথিৱীৰ সুন্দৰ ছবি। ৭ ছেপ্টেম্বৰ ২০১৯-ত চন্দ্রযান-২-ৰ পৰা বিক্রম লেণ্ডাৰে জোনবাইৰ বুকুত স্পর্শ কৰাৰ কথা আছিল। এই দৃশ্য লাইভ চাবৰ বাবে সমগ্র দেশৰ জনগণে উজাগৰী নিশা কটায়। অৱশ্যে বিক্রম লেণ্ডাৰৰ লগত চন্দ্ৰৰ মাটিত স্পর্শ কৰিবলৈ মাত্র দুই কিলােমিটাৰ থাকোতে সংযােগ বিচ্ছিন্ন হয়। 

জোনবাইৰ বুকুত নমাৰ সময়ত লেণ্ডাৰ বিক্ৰমৰ গতি অতি খৰকৈ নমাই আনি প্রায় শূন্য অৱস্থা পােৱাৰ সময়তেই এই ঘটনা সংঘটিত হ'ল।সংযােগ বিচ্ছিন্ন হােৱাত কিদৰে বিক্রম লেণ্ডাৰে জোনবাইৰ বুকুত স্পর্শ কৰিলে সেয়া কোনেও নাজানিলে। অৱশ্যে লেণ্ডাৰ বিক্ৰমৰ লগত সংযােগ বিচ্ছিন্ন হলেও অৰবিটাৰে ঠিকেই চন্দ্ৰৰ চাৰিওফালে পৰিভ্ৰমণ কৰি আছে। লগতে অৰবিটাৰে চন্দ্ৰৰ বুকুত থকা লেণ্ডাৰ বিক্ৰমৰ ছবি পৃথিৱীলৈ পঠিয়াই আছিল। বিজ্ঞানীসকলৰ আপ্রাণ চেষ্টাৰ পাছতাে বিক্রম লেণ্ডাৰৰ লগত সংযােগ স্থাপন সম্ভৱ নহ'ল।

No comments