স্মৃতিৰ জলঙাৰে এৰি অহা দিনবােৰ
স্মৃতিৰ জলঙাৰে এৰি অহা দিনবােৰ
| Photo-social media |
স্মৃতিৰ জলঙাৰে এৰি অহা দিনবােৰলৈ চালে কিছুমান সময় দিন সপ্তাহ,মাহ,বছৰ বিশেষ হৈ পৰে |কিন্তু কিছুমান ছবি বিশেষতকৈও বিশেষ হৈ পৰে।
ভাৱিলে আচৰিত যেন নালাগে নে?কি সময় কি হৈ গ'ল|নহ'বনাে কিয় সময়ৰ লগে লগে সকলাে পৰিৱৰ্তন হয়।স্কুলৰ পৰা আহি কিতাপৰ বেগটো বিচনা,টেবুলত
দলিয়াই থৈ মায়ে ৰান্ধি থােৱা ভাতকেইটা নাকেকাণে গুজি গাঁৱৰ খেল পথাৰ খনলৈ দৌৰ মাৰি যােৱাটো অভ্যাস আছিল বুলি ক'লেও ভুল কোৱা নহয়।স্কুলত থাকোতে আলােচনা কৰা হয় কোনে খেল পথাৰলৈ কি লৈ আহিব কোনােবাই হয়তাে ক্রিকেট খেলিবলৈ ঠাইখিনি চিকুনাই চাফা কৰি খেলিছিল আৰু কোনাবাই চাফা নকৰাকৈ খেলিছিল|কি ল'ৰা,কি ছােৱালী সকলােৰে যেন খেলতহে মন।সকলােৰে যেন বল ,বেট আৰু খুটি সংগী হৈ পৰিছিল।
অতীতৰ কিছুমান সময় ইমানেই মধুৰ আছিল যে বর্তমান সেইবােৰ ভাৱিলে আপােনাৰ বা মােৰ মনটোক গভীৰতাৰ পৰা গভীৰতালৈ লৈ যায়।কেতিয়াবা আকৌ ভাৱিবলে বাধ্য হওঁ যে আকৌ সেই সময়বােৰ উভটি অহা হ'লে ভালেই আছিল|কিন্তু পাৰ হৈ যােৱা সময় বােৰ আকৌ উভটি নাহে।বর্তমান অতীতৰ সময়বােৰ নষ্টালজিক।
COUNTRY-Social media
Post a Comment