সকলােকে ভেকচিন ল’বলৈ আহ্বান জনাই স্পষ্ট কৰিলে মুখ্যমন্ত্ৰীয়ে ৰাজ্যত পুনৰ লকডাউন নহয়

 সকলােকে ভেকচিন ল’বলৈ আহ্বান জনাই স্পষ্ট কৰিলে মুখ্যমন্ত্ৰীয়ে ৰাজ্যত পুনৰ লকডাউন নহয়



ৰাজ্যত কভিড পৰিস্থিতি শেহতীয়াকৈ পুনৰ উদ্বেগৰ কাৰণ হৈ পৰাত পুনৰ লকডাউন দৰে পৰিস্থিতিৰ সৃষ্টি হােৱাৰ আশংকাত সাধাৰণ জনতা আতংকিত হৈ পৰিছে। কিন্তু আজি ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত পুনৰ লকডাউন নিদিয়াৰ কথা স্পষ্ট কৰি এতিয়া সকলােকে  ভেকচিন ল’বলৈ আহ্বান জনায়।ইফালে অহা ১নৱেম্বৰৰ পৰা ৰাজ্যত কভিড পৰীক্ষা কেন্দ্র বন্ধ হােৱাৰ আশংকাই দেখা দিছে। তদুপৰি কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ সকলাে ৰাজ্যৰ প্ৰতিখন জিলাৰ উপায়ুক্তকে কভিড ভেকচিন প্রদান প্রক্রিয়া ক্ষিপ্রতৰ কৰাৰ নির্দেশ দিছে।


লক্ষণীয় যে শেহতীয়াকৈ দুর্গা পূজা আৰু উপ-নির্বাচনৰ প্ৰচাৰ সভাসমূহত বিশাল জনসমাগম হােৱাৰ পাছত লাহেলাহেৰাজ্যত পুনৰ কভিডৰ সংক্রমণ বৃদ্ধি পাবলৈ ধৰিছে। ৰাজ্যত দৈনিক আক্রান্ত সংখ্যা এশৰ ঘৰলৈ নিম্নগামী হােৱাৰ পাছত এতিয়া লাহে লাহে এইসংখ্যা দৈনিক তিনি শতাধিক হৈছে।


ৰাজ্যতকভিডপৰিস্থিতিক লৈ সৃষ্টি হােৱা উদ্বেগৰ সময়তেকভিডপৰিস্থিতিৰ অধিক অৱনতিহ'লে ৰাজ্যত পুনৰ লকডাউনৰ দৰে পৰিস্থিতিৰ সৃষ্টি হােৱাৰ আশংকা ঘনীভূত হয়। কভিড পৰিস্থিতিৰ উন্নতিৰ পাছত পৰিস্থিতি লাহে লাহে স্বাভাৱিক হােৱাৰ পাছত যেনে-তেনে মূৰ দাঙিবলৈ সক্ষম হােৱা সাধাৰণ জনতাইপুনৰ লকডাউন হােৱাৰ আশংকাত ভােগাৰ সময়তে আজি সংবাদ মাধ্যমত মুখ্যমন্ত্রী ড° শৰ্মাই ৰাজ্যত পুনৰ লকডাউন নিদিয়াৰ কথা ঘােষণা কৰে। তেওঁ লকডাউনৰ আশংকাৰ সলনি সকলােকে ভেকচিন লৈ নিজকে সুৰক্ষিত কৰাৰ আহ্বান জনায়। ভেকচিন লৈ সুৰক্ষিত হলেই কভিড পৰিস্থিতিৰ অৱনতি ঘটে বুলি তেওঁ কয়।

 ইফালে মুখ্যমন্ত্রীজনে সকলােকে ভেকচিন লােৱাৰ আহ্বান জনালেও অহা ১ নৱেম্বৰৰ পৰা ৰাজ্যত ভেকচিন প্রদান কেন্দ্রসমূহ বন্ধ হােৱাৰ আশংকাই দেখা দিছে। ৰাজ্যৰ ভেকচিন প্রদান কেন্দ্রসমূহৰ কাৰিকৰী কামসমূহ এমট্রনে কৰি আছে। কিন্তু এমট্রনক ৰাজ্য চৰকাৰে ২০২০ চনৰ নৱেম্বৰ মাহৰ পৰা ধন মুকলি কৰি নিদিয়াৰ অভিযােগ উঠিছে। প্রতিষ্ঠানটোৱে এইপর্যন্ত প্রায় ৫০ কোটি টকাৰাজ্য চৰকাৰৰ পৰা পাবলৈ বাকী থকাবুলি প্ৰকাশ কৰিছে। লক্ষণীয়ভাৱে প্রাপ্য ধন লাভ নকৰি যােৱা ২১ অক্টোবৰত এমট্রনে ৰাজ্য চৰকাৰলৈ এক পত্র প্রেৰণ কৰি তেওঁলােকে ধন লাভ কৰিবলৈ বাকী থকাৰ কথা সদৰী কৰাৰ লগতে শীঘ্ৰে ধন মুকলি কৰি নিদিলে অহা ১নৱেম্বৰৰ পৰা চৰকাৰক কোনাে সহযােগ নকৰাৰ ভাবুকি দিছে। যদিহে এমট্রনে চৰকাৰক সহযােগ নকৰে, তেনেহ'লে সেই তাৰিখৰ পৰাই ভেকচিন প্রদান কৰিব নােৱাৰিব।


ইফালে বিশ্বৰ বিভিন্ন দেশত শেহতীয়াকৈ কভিড পৰিস্থিতিয়ে ভয়াৱহৰূপ ধাৰণ কৰাৰ পাছত দেশত পুনৰ পৰিস্থিতিৰ অৱনতি ঘটাৰ আশংকা কৰি কেন্দ্রীয় চৰকাৰে শেহতীয়াকৈ প্ৰতিখন ৰাজ্যকে দ্বিতীয় পালি ভেকচিন প্রদানত গুৰুত্ব দিয়াৰ নির্দেশ দিছে। পৰিস্থিতিৰ পুনৰ অৱনতি ঘটাৰ আশংকা কৰি কেন্দ্ৰই প্ৰতিখন ৰাজ্যৰ মুখ্য সচিবলৈ এক পত্র প্রেৰণ কৰি দ্বিতীয় পালি ভেকচিন প্রদানত অধিক তৎপৰ হ'বলৈ নির্দেশ দিছে। উপায়ুক্তসকলৰ জৰিয়তে ভেকচিন প্রদান ক্ষিপ্রতৰ কৰাৰ নির্দেশ দিয়াৰ লগতে এই বছৰৰ

শেষলৈ দেশৰ সকলাে লােককে সম্পূর্ণ ভেকচিন প্রদান প্রক্রিয়া সম্পন্ন কৰাৰ লক্ষ্য কেন্দ্রই লােৱাৰ কথাও সদৰী কৰিছে।


No comments