হালধি কেঁচাই খালে পােৱা যায় বেছি উপকাৰ

 হালধি কেঁচাই খালে পােৱা যায় বেছি উপকাৰ


কার্যত হালধি সকলােরে ব্যৱহাৰ কৰে। হালধিয়ে খাদ্যবস্তুৰ সােবাদ বঢ়ায়। স্বাস্থ্যৰ বাবেও হালধি উপকাৰী। কিন্তু হালধি গুড়ি কৰি খােৱাতকৈ কেঁচাই খালে বেছি উপকাৰ পাব পৰা যায়। কিয়নাে কেঁচা হালধিত থাকে | প্ৰচুৰ পৰিমাণে ঔষধি গুণ। উল্লেখ কৰা হ'ল কেঁচা হালধিৰ উপকাৰী গুণসমূহ


১) হৃদযন্ত্র ভালে ৰাখিবলৈ, মূৰৰ বিষ কমাবলৈ আৰু শৰীৰৰ জীৱাণু নাশ কৰিবলৈ কেঁচা হালধি খাব পাৰে।


২) হালধিত থকা কাৰকিউমিনে লিভাৰ অর্থাৎ যকৃত সুৰক্ষিত কৰি ৰাখে। হালধিত থকা এইবিধ উপাদানে ফেটি লিভাৰত আক্রান্ত হােৱাৰ আশংকা কমায়।


৩) নিয়মিত কেঁচা হালধি খালে ৰােগ প্ৰতিৰােধ ক্ষমতা বৃদ্ধি পায়। যিসকলে অলপতেই কাহ-চর্দিত আক্রান্ত হয়, তেনে লােকৰ বাবে কেঁচা হালধি অত্যন্ত উপকাৰী।


৪) অত্যধিক ওজনে বিভিন্ন ৰােগ মাতি আনে। নিয়মীয়াকৈ কেঁচা হালধি খালে হজম শক্তি বৃদ্ধি পায়। ফলত দেহত মেটাবলিজম বাঢ়ে আৰু ওজন হ্রাস পায়।


৫) কেঁচা হালধি যে ছালৰ বাবে অত্যন্ত উপকাৰী সেয়া প্রায় সকলােৱেই জানে। নিয়মিত কেঁচা হালধি খালে ছালৰ ভিতৰত থকা টক্সিন ওলাই যায় আৰু কলাজিমৰ উৎপাদন বৃদ্ধি পায়।ফলত ছালৰ বিভিন্ন সমস্যা যেনে বলিৰেখা, শালমন, কলা দাগ  আদিৰ পৰা পৰিত্ৰাণ পাব পৰা যায়।

No comments