আজি ভাৰত- পাকিস্তানৰ মহাৰণ

 


আজি ভাৰত- পাকিস্তানৰ মহাৰণ


ডুবাই, ২৪ অক্টোবৰ ঃ আই চি চি টি-২০ বিশ্ব কাপত ভাৰতে কাই লৈ নিজৰ অভিযান আৰম্ভ কৰিব। বিশ্ব কাপত ভাৰতৰ  প্ৰথমখন মেচৰ প্রতিদ্বন্দ্বী হ’ল চিৰবৈৰী পাকিস্তান। বর্তমান প্রজন্মৰ কেইবাজনাে আগশাৰীৰ তাৰকাৰে সজ্জিত বিৰাট কোহলীৰ নেতৃত্বৰ ভাৰতীয় দল কেইবাখনাে অখ্যাত মুখেৰে সজ্জিত পাকিস্তানৰ বিৰুদ্ধে যুঁজৰ বাবে সাজু হৈছে। উল্লেখযােগ্য যে ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্কৰ স্পর্শকাতৰ প্রকৃতিৰ পৰিপ্ৰেক্ষিতত দুয়ােখন দেশৰ মাজত খেলা-ধূলাৰ পৰিৱেশ নিচেই সীমিত। সেয়েহে আন্তঃৰাষ্ট্ৰীয়

ক্রিকেট পৰিষদৰ (আই চি চি) অধীনৰ যিকোনাে প্রতিযােগিতাতে ভাৰত আৰু পাকিস্তানৰ খেল আকৰ্ষণৰ কেন্দ্রবিন্দু হৈ পৰে। ইয়াৰ লগেত আই চি চিৰ প্রতিযােগিতাত ভাৰত পাকিস্তানৰ সন্মুখীন হলে দর্শকৰ উৎসাহাে বৃদ্ধি পায়। আই চি চিৰ এদিনীয়া আৰু টি-২০ বিশ্ব কাপত দুয়ােখন দেশৰ ১২বাৰ পৰস্পৰৰ মুখামুখি হৈছে। ইয়াৰে কেউখন খেলতে ভাৰত জয়ী হৈছে। আন কথাত আই চি চিৰ এদিনীয়া আৰু টি-২০ প্রতিযােগিতাত ভাৰতৰ বিৰুদ্ধে পাকিস্তান আজিলৈকে জয়ী হ’ব পৰা নাই। টি-২০ বিশ্ব কাপত ২০০৭ বৰ্ষৰ পৰা ভাৰতে মুঠতে পাঁচবাৰ পাকিস্তানৰ সৈতে খেলিছে। 


এই পাঁচোখন মেতে ভাৰত জয়ী হৈছে।

বিৰাট কোহলী বাহিনী জয়ৰ এই ধাৰা অব্যাহত ৰাখিবলৈ প্রতিশ্র বদ্ধ। ভাৰতৰ টি-২০ বিশ্ব কাপৰ পূৰ্বৰ অভিযানসমূহত নেতৃত্ব দিছিল মহেন্দ্র সিং ধােনিয়ে। এইবাৰ ধােনিয়ে ভাৰতীয় দলৰ পৰামৰ্শদাতা ৰূপে কোহলীক সংগ দিছে। পাকিস্তানৰ অধিনায়ক বাবৰ আজম তথা তেওঁৰ সতীর্থসকলৰ মূৰৰ কামােৰণিৰ সৃষ্টি কৰিবলৈ ধােনিৰ উপস্থিতিয়েই যথেষ্ট। তথাপি ই এনেকুৱা এখন খেল যাৰ প্রতি সকলােৱে কৌতুহলেৰে

বাট চাই থাকে। আই চি চিৰ পৰা সম্প্রচাৰকসমূহলৈকে সকলােৱে এই খেলখনৰ পৰা বৃহৎ পৰিমাণৰ আয় কৰিবলৈ বিচাৰে। ইয়াৰ লগতে ক্রিকেট প্রেমীৰ আৱেগাে জড়িত হৈ থাকে। কিন্তু টি-২০ এনেকুৱা ধৰণৰ ক্রিকেট, য'ত কোনাে দলৰে জয় সুনিশ্চিত বুলি দাবী কৰিব নােৱাৰি। সুনীল গাভাস্কাৰৰ পৰা সৌৰভ গাংগুলীলৈকে এই খেলবিধক ভালদৰে বুজি পােৱা প্রতিজন ব্যক্তিয়ে এই কথা ভালদৰে জানে যে টি- ২০ত দুটা দলৰ মাজত ব্যৱধান বহুত কম থাকে আৰু যিকোনাে এজন খেলুৱৈয়ে নিজৰ দলক জয়ী কৰাব পাৰে।


 বর্তমান ভাৰত বিশ্ব ক্রিকেটত অন্যতম শক্তিশালী শক্তি। দলটোৰ হাতত কেইবাজনাে উন্নতমানৰ

খেলুৱৈ আছে। বিৰাট কোহলী, ৰােহিত শর্মা, যশপ্রীত বুমৰাহৰ দৰে ক্রিকেটাৰ পূৰ্বৰ মেচৰ জৰিয়তে আগবঢ়া বা কোনাে ধৰণৰ চাপৰ মাজত খেলা খেলুৱৈ নহয়। আনহাতে, ভাৰতৰ তুলনাত পাকিস্তানী দলটো অধিক চাপৰ মাজত আছে। শ্বাহিন আফ্রিদী, ৰিজৱান, হাৰিছৰ উফ আৰু বাবৰৰ দৰে খেলুৱৰৈ ওপৰত বিশ্ব কাপত

ভাৰতৰ হাতত পৰাজিত হােৱাৰ ধাৰা ৰােধ কৰাৰ গধুৰ দায়িত্ব আছে। ইয়াৰ লগতে পাকিস্তান ক্রিকেটক লৈ বিশ্বত সৃষ্টি হােৱা ধাৰণাও তেওঁলােকে সলনি কৰিব লাগিব। বিগত কেইবছৰমানত পাকিস্তান ক্রিকেট অস্তিত্বৰ

সংকটত ভুগিছে। এই অৱস্থাত ভাৰতৰ বিৰুদ্ধে খেলখনে দেশখনৰ ক্রিকেটক প্রাণৰ সঞ্চাৰ কৰিব পাৰে, কিন্তু সেইটো বৰ সহজ নহয়। উল্লেখযােগ্য যে ভাৰতীয় খেলুৱৈসকলে ইউ এ ইত আই পি এলত খেলি ইয়াৰ পৰিৱেশ পৰিস্থিতিৰ সৈতে পৰিচিত হৈ পৰিছে। পাকিস্তান ইয়ালৈ আহিছে ঘৰুৱা শৃংখলাত খেলি। মন কৰিবলগীয়া যে ৰােহিত, বিৰাট, কে এল ৰাহুল, ঋষভ পন্তৰ দৰে বেটাৰক লৈ ভাৰতীয় বেটিং বিভাগ যিদৰে

শক্তিশালী একেদৰে বুমৰাহমহম্মদ চামি, ৰবীন্দ্র জাদেজা আৰুবৰুণ চক্ৰৱৰ্তীৰ দৰে বিশ্ব মানৰ বলাৰাে ভাৰতীয় দলত আছে। পাকিস্তানৰ বেটিং আক্রমণৰ প্রধান ভৰসা হ’ল অধিনায়ক বাবৰ আজম। একেদৰে বলিং আক্ৰমণৰ নেতৃত্ব দিব আফ্রিদীয়ে, কিন্তু তেওঁৰ উপযুক্ত সহযােগীৰ প্রয়ােজন হ'ব।


No comments