প্ৰেছাৰ কুকাৰত ৰন্ধা খাদ্য স্বাস্থ্যৰ বাবে কিমান উপযােগী
প্ৰেছাৰ কুকাৰত ৰন্ধা খাদ্য স্বাস্থ্যৰ বাবে কিমান উপযােগী
ব্যঞ্জত যিমানেই বাঢ়িছে সেই অনুপাতে সময় বঢ়োৱাৰ বিভিন্ন মাধ্যমে প্রতিদিনে ওলাইছে। দৈননিন ব্যস্ততাৰ বাবে ৰন্ধন প্রক্রিয়াতে আমুল পৰিৱর্তন ঘটিছে। এসময়ত খৰিৰ জুইত ৰন্ধা-বঢ়া কৰাৰ পৰম্পৰা আছিল যদিও আর্জি বিজ্ঞানে উদ্ভাৱন কৰা বিভিন্ন মাধ্যমৰ ফলত এই পুৰণি সংস্কৃতি প্রায় লােপ পাইছে। ইয়াৰ পৰিবৰ্তে নগৰৰ দৰে গ্রামাঞ্চলতাে ৰঞ্জন গেছৰ চাহিদা বৃদ্ধি পাইছে। একেদৰে ৰন্ধনৰ বিভিন্ন আহিলা উদ্ভাৱন হােৱাৰ ফলত অতি কম সময়ৰ ভিতৰতে যিকোনাে খাদ্য ৰান্ধিব পৰা হৈ উঠিল। এই ক্ষেত্ৰত প্ৰেছাৰ কুকাৰৰ ভূমিকা গুরুত্বপূর্ণ। অতি কম সময়ৰ ভিতৰতে প্ৰেছাৰ কুকাৰৰ জৰিয়তে খাদ্য সামগ্রী ৰন্ধাতাে সহজ হৈ পৰিল।
এইদৰে প্ৰেছাৰ ককাৰত ৰন্ধা খাদ্য স্বাস্থ্যৰ বাৰে উপযােগী হােৱা-নােহােৱাক লৈ খাদ্য বিশেষজ্ঞৰ মাজতাে মতপার্থক্য আছে। কোনাে মতে প্ৰেছাৰ কুকাৰত ৰান্ধিলেে যিকোনাে খাদ্যৰ পুষ্টিগুণ হ্রাস পায়। শেহতীয়া এক গৱেষণামতে এই ধাৰণা শুদ্ধ নহয়। মার্কিন যুক্তৰাষ্ট্রৰ এখন স্বাস্থ্য পত্রিকা প্রকাশ পােৱা মতে প্ৰেছাৰ কুকাৰত ৰান্ধিলে লেক্টিন নামৰ ক্ষতিকাৰৰ ৰাসায়নিক উপাদান হ্রাস পায়। সেইফালৰ পৰা প্ৰেছাৰ কুকাৰত ৰন্ধা খাদ্যৰ পুষ্টিগুণ অটুট থাকে। আনহাতে এলুমিনিয়ামৰ প্ৰেহাৰ কুকাৰত ৰান্ধিলে ৰাসায়নিক বিক্রিয়াৰ বাবে খাদ্যৰ পুষ্টিগুণ হ্রাস পায়, সেইবাবে এতিয়া বিভিন্ন ধাতুৰে তৈয়াৰ কৰা প্ৰেছাৰ কুকাৰ বজাৰত উপলব্ধ হৈছে।
Post a Comment