স্মার্ট পুলিচিং দেশৰ ভিতৰত তৃতীয় স্থানত অসম আৰক্ষী

 স্মার্ট পুলিচিং দেশৰ ভিতৰত তৃতীয় স্থানত অসম আৰক্ষী

 


অসম আৰক্ষীলৈ পৰিৱৰ্তন আহিছে।মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক দায়িত্ব পালনৰ ক্ষেত্ৰত পূর্ণ স্বাধীনতা প্রদান কৰাৰ লগতে বিভাগটোত কিছু 

সংশােধন ঘটোৱাৰ ফলত দেশৰ ভিতৰতে উজলি উঠিছে অসম আৰক্ষী। ইণ্ডিয়ান পুলিচ ফেডাৰেছনে প্রকাশ কৰা ‘স্মার্ট পুলিচিং ইনডেক্স ২০২১'ত দেশৰ ভিতৰতে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৰাজ্যৰ আৰক্ষী বিভাগটো। দেশৰ সকলাে ৰাজ্যৰ লগতে কেন্দ্রীয়শাসিত অঞ্চলসমূহতবাস কৰা সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লােকৰ মতামতৰ ভিত্তিত প্রস্তুত কৰা ‘স্মার্ট পুলিচিং ইনডেক্স ২০২১'ত প্রথম স্থান অধিকাৰ কৰিছে অন্ধ্র প্রদেশে। আনহাতে দ্বিতীয় স্থানত আছে। তেলেংগানা। 


প্রণিধানযােগ্য যে আৰক্ষীৰ ব্যৱহাৰ, দায়িত্বশীলতা,       জ নসাধাৰণৰ লগত সু-সম্পর্ক, কঠোৰতা, বন্ধুত্বসুলভ, নিকা,পক্ষপাতহীন, আইনী দক্ষতা ইত্যাদি দিশসমূহৰ ক্ষেত্ৰত জনসাধাৰণৰ মাজত চলােৱা সমীক্ষাৰ ভিত্তিত প্রস্তুত কৰা হৈছে এই প্রতিবেদন। ইফালে এই সমীক্ষাত বিহাৰ আৰু উত্তৰ প্রদেশে তালিকাৰ শেষৰ ফালে স্থান লাভ কৰিছে। আনহাতে তালিকাৰ পঞ্চম আৰু ষষ্ঠ স্থানত আছে উত্তৰ-পূর্বাঞ্চলৰে আন দুখন ৰাজ্য ক্রমে ছিকিম আৰু মিজোৰাম।


প্রণিধানযােগ্য যে মুখ্যমন্ত্রী হিচাপে দায়িত্ব লােৱাৰ পাছতেই ড° হিমন্ত বিশ্ব শৰ্মাই আৰক্ষী বিভাগটো অধিক গতিশীল কৰি তােলাৰ লগতে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ অভিযান আৰম্ভ কৰিছিল। আনকি আৰক্ষীৰ বিভিন্ন পর্যায়ৰ বিষয়াক লৈ অনুষ্ঠিত কৰিছিল কেইবাখনাে গুৰুত্বপূৰ্ণ বৈঠকে।



No comments