গাড়ীখনৰ ব্রেক ফেইল হ'লে কি কৰিব ?

 গাড়ীখনৰ ব্রেক ফেইল হ'লে কি কৰিব ?



গাড়ীৰ ব্রেক ফেইল কৰি সংঘটিত হােৱা দুর্ঘটনা দিনে দিনে বাঢ়ি আছে। কিন্তু কিছুমান নিয়ম মানি চলিলে দুর্ঘটনাৰ পৰা হাত সাৰিব পৰা যায়। উল্লেখ কৰা হ’ল ব্রেক ফেইল কৰিলে মানিব লগা কেইটামান নিয়ম


(১) ব্রেক ফেইল কৰাৰ লগে লগে গাড়ীখনৰ গতি কমাওক।বিৰতিহীনভাৱে ব্রেক পেডেলত হেঁচা দি থাকক। এনে কৰিলে ব্রেক নিয়ন্ত্রণ ওভােতাই পােৱাৰ সম্ভাৱনা থাকে।

(২) গাড়ীখনৰ গীয়েৰ তললৈ আনক।

(৩) কোনাে কাৰণতে গাড়ীখন নিউট্রেল নকৰিব। নিউট্রেল কৰিলে গাড়ী পিছুৱাবলৈ ধৰিব আৰু সম্পূর্ণভাবে নিয়ন্ত্রণ হেরাব।

(৪) এক্সিলেটৰৰ সলনি ক্লাচ। ব্যৱহাৰ কৰক।

(৫) অনবৰতে হর্ণ বজাওক। ৰাতি হ'লে হেডলাইট ডিপাছ কৰাৰ উপৰি ইণ্ডিকেটৰ জ্বলাওক, যাতে গাড়ীখনৰ সমস্যা হােৱা বুলি আনে অনুমান কৰিব পাৰে।

(৬) গাড়ীৰ এচি অন কৰিব। এনে কৰিলে ইঞ্জিনে প্ৰেছাৰ পায় আৰু তেতিয়া গাড়ীৰ গতি হ্রাস পাবলৈ ধৰে।

(৭) পথত বােকা বা বালি থাকিলে গাড়ীখন সেইপিনেৰে নিয়ক। এনে কৰিলে ব্রেক ফেইল কৰিলেও গাড়ীখনৰ গতি কমিব।

(৮) গীয়েৰ সলনি কৰাৰ সময়ত হেণ্ডব্রেক ব্যৱহাৰ কৰিব।

(৯) গাড়ীখনৰ গতি ঘণ্টাত চল্লিছ কিলােমিটাৰৰ ভিতৰত থাকিলে হেগুব্ৰেক ব্যৱহাৰ কৰিব। কিন্তু চল্লিছ কিলােমিটাৰতকৈ বেছি। গতিবেগ থাকিলে ভুলতাে হেণ্ডব্রেক ব্যৱহাৰ নকৰিব।


No comments