অসম মন্ত্রীসভাৰ কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত বোৰ এবাৰ চাওক
আজি বঙাইগাঁৱত উপায়ুক্ত কার্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হৈ যায় অসম মন্ত্রীসভাৰ কেবিনেট বৈঠক। দিছপুৰৰ বাহিৰত দ্বিতীয়বাৰৰ বাবে হােৱা এই বৈঠকত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে অতিৰিক্ত বন্ধৰ দিন ঘােষণা, বঙাইগাঁও জিলাৰ উন্নয়ন, বিদ্যালয় শিক্ষা গাঁথনিৰ পৰিৱর্তন, চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত পি জি পাঠ্যক্ৰমৰ বাবে ৰাজ্যিক সংৰক্ষিত আসনৰ সংশােধিত নিয়ম, অসম লােকসেৱা আয়ােগৰ পৰীক্ষাৰ নিয়মৰ সংশােধনকে ধৰি কেইবাটাও বিষয় সন্দৰ্ভত বহুকেইটা গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয়।
গুৰুত্বপূর্ণ সিদ্ধান্তসমূহ
▶️ অতিৰিক্ত বন্ধ
🔸ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ৮ আৰু ৯ (দ্বিতীয় শনিবাৰ আৰু দেওবাৰ) জানুৱাৰী সাধাৰণ বন্ধৰ লগতে ৬ আৰু ৭ জানুৱাৰী, ২০২২ তাৰিখে অতিৰিক্ত বন্ধৰ দিন। এই বন্ধ কেৱল পিতৃ-মাতৃ অথবা শহুৰেক শাহুৱেক থকা কর্মচাৰীসকলৰ বাবেহে প্রযােজ্য ।
▶️ সত্র বেদখল সম্পর্কীয় সমিতি
🔸বিধায়ক শ্রীপ্রদীপ হাজৰিকাৰ নেতৃত্বত সত্ৰৰ বেদখলকৃত মুঠ ভূমি নির্ণয় কৰিবলৈ সমিতি গঠন। সদস্য হিচাপে থাকিব বিধায়কদ্বয় শ্রীমৃণাল শইকীয়া আৰু শ্ৰীৰূপক শৰ্মা
▶️ যুৱ আয়ােগ
🔸উচ্চ শিক্ষা আৰু নিয়ােগ সম্ভাৱনা সৃষ্টিৰ বাবে যুৱচামক প্রশিক্ষণ দিয়াৰ বাবে যুৱ আয়ােগ গঠন
▶️ লাচিত বৰফুকন জয়ন্তী
🔸সাংস্কৃতিক বিভাগৰ দ্বাৰা লাচিত বৰফুকনৰ ৪০০সংখ্যক জয়ন্তী উদযাপনৰ বাবে ৰাষ্ট্ৰীয় আলােচনা চক্রকে ধৰি বিভিন্ন কাৰ্যসূচীৰ আয়ােজন
▶️বঙাইগাঁও জিলাৰ উন্নয়ন
👉বঙাইগাঁও মহাবিদ্যালয়ক অহা ৩ বছৰৰ ভিতৰত বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ
👉৫-৬ মাহৰ ভিতৰত আৰম্ভ হ'ব বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ৰ কাম
👉চিকিৎসা মহাবিদ্যালয়ৰ বাবে ৫৪২ কোটি টকাৰ অনুমােদন
👉বঙাইগাঁৱত সংহত উপায়ুক্ত কার্যালয় নির্মাণৰ বাবে ৫০ কোটি টকাৰ অনুমােদন
👉ষ্টেডিয়াম নির্মাণৰ বাবে ২৫ কোটি টকাৰ অনুদান
▶️বিদ্যালয় শিক্ষা গাঁথনিৰ পৰিৱর্তন,
👉বৰ্তমানৰ ১০+২ৰ পৰা শিক্ষা গাঁথনি ৫+৩+৩+লৈ সলনি
🔸 প্রাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত ৫ বছৰ (প্রাক-বিদ্যালয়)
🔸প্রাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত ৩ বছৰ (তৃতীয়, চতুর্থ আৰু পঞ্চম শ্রেণী)
🔸শিক্ষা সঞ্চালকালয়ৰ অধীনত ৩ বছৰ (ষষ্ঠ, সপ্তম আৰু অষ্টম শ্রেণী)
🔸শিক্ষা সঞ্চালকালয়ৰ অধীনত ৪ বছৰ নৱম, দশম, একাদশ আৰু দ্বাদশ শ্রেণী)
▶🔸২০২৩ চনৰ পৰা কাৰ্যকৰী হ'ব এই নীতি
▶️অসম লােকসেৱা আয়ােগৰ পৰীক্ষা
👉অসম লােকসেৱা আয়ােগৰ পৰীক্ষাত ভাষাৰ ক্ষেত্ৰত থকা বাধা আঁতৰাবলৈ ইংৰাজী আৰু অসমীয়া বিষয় অন্তর্ভুক্ত নহ'ব। তাৰ পৰিৱর্তে ৩টা চর্ত পূৰণ হােৱাটো প্রয়ােজন
🔸 প্রার্থী অসমৰ বাসিন্দা হ'ব লাগিব
🔸অসমত নিয়ােগ বিনিময় কেন্দ্ৰত পঞ্জীকৃত হ'ব লাগিব
🔸অসমীয়া অথবা অসমৰ অন্যান্য স্বীকৃত ভাষা কোৱাত সাৱলীল হ'ব লাগিব
▶️ই-ক্রয়
🔸২৫ লাখ টকাতকৈ অধিক ৰাজহুৱা ক্ৰয় কেৱল ই-ক্রয় পদ্ধতিৰ জৰিয়তে হ'ব
▶️ৰেহাই
🔸 অসম ৰাজহুৱা ক্ৰয় নিয়ম, ২০২০ৰ দ্বাৰা নিৰ্ধাৰিত জৰুৰীকালীন ক্রয়, জৰুৰী কাম
🔸১০খন স্বায়ত্তশাসিত পৰিষদ-মৰাণ, কমতাপুৰ, বড়াে কছাৰী কল্যাণ, মটক, ৰাভা হাছং, মিচিং,তি, দেউৰী, ঠেঙাল কছাৰী আৰু সােণােৱাল কছাৰী
▶️চৰকাৰী ভূমিত প্রধানমন্ত্রী আৱাস যােজনাৰ সুবিধা।
🔸বসতি স্থাপনৰ বাবে যােগ্যতা আৰু ভূমি নিষ্পত্তিৰ ভিত্তিত প্রধানমন্ত্রী আৱাস যােজনাৰ আৱাসৰ সুবিধাসমূহ চৰকাৰী ভূমিৰ অধিকাৰীসকলক ১০ বছৰৰ অধিক সময়ৰ বাবে সম্প্ৰসাৰণ
🔸যোগ্য খিলঞ্জীয়া ভূমিহীন ব্যক্তিৰ ক্ষেত্ৰত গুৱাহাটী আৰু অন্যান্য নগৰৰ চৰকাৰী ভূমিত অধিকাৰৰ ক্ষেত্রত কাট অফ তাৰিখৰ ব্যৱস্থা ২৮ জুন ২০০১ৰ পৰা ২৮ জুন ২০২১ লৈ সংশােধন কৰা হ'ব
▶️গুৱাহাটী পৌৰ নিগম আইন, ১৯৭১ত প্রস্তাবিত সংশােধন
🔸চৰকাৰক চৰকাৰী গেজেট অধিসূচনাৰ জৰিয়তে বাৰ্ডৰ সংখ্যা বৃদ্ধি কৰাৰ ক্ষমতা প্রদান
🔸গুৱাহাটী পৌৰ নিগমৰ খালী পদসমূহত দ্রুত নিযুক্তিৰ বাবে কৰ্মচাৰী বাছনি সমিতি গঠন
🔸নলা পৰিষ্কাৰ আৰু স্থাপন, বৈদ্যুতিক আৰু গেছআধাৰিত শ্মশানৰ তত্ত্বাৱধানৰ বাবে আধুনিক যন্ত্রপাতিৰ সংস্থাপন
Post a Comment