এঘাৰ লাখ মহিলালৈ মাইক্র’ফাইনেন্সৰ ঋণ ৰেহাইৰ প্রক্রিয়া আৰম্ভ
এঘাৰ লাখ মহিলালৈ মাইক্র’ফাইনেন্সৰ ঋণ ৰেহাইৰ প্রক্রিয়া আৰম্ভ
নির্বাচনী প্রতিশ্রুতি অনুসৰি ৰাজ্যৰ ১১ লাখ মহিলাক মাইক্র’ ফাইনেন্সৰ ঋণৰ ধন ৰেহাই দিবলৈ ওলাইছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে। ইতিমধ্যে বিত্ত বিভাগে ঋণ লােৱা মহিলাসকলক ধন প্রদানৰ বাবে তালিকা প্রস্তুতৰ কাম আৰম্ভ কৰিছে। প্রথম পর্যায়ত ৰাজ্যৰ ৯খন জিলা ক্রমে চৰাইদেউ, শিৱসাগৰ, যােৰহাট, মাজুলী,
গােলাঘাট, শােণিতপুৰ, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও আৰু দক্ষিণ শালমাৰাৰ ঋণগ্রস্ত মহিলাসকলক ধন প্রদান কৰা হ'ব। ৰাজ্যৰ বিত্ত মন্ত্রী অজন্তা নেওগে মাইক্র’ ফাইনেন্সইনচেণ্টিভ এণ্ড ৰিলিফ স্কীমৰ সন্দৰ্ভত উক্ত ৯খন জিলাৰ উপায়ুক্তসকলৰ সৈতে কালি এখন গুৰুত্বপূৰ্ণ বৈঠকতাে মিলিত হয়। উক্ত বৈঠকত ধন প্রদানৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া নীতি-নিয়ম প্রস্তুত কৰা হয়। মন কৰিব লগীয়া কথা যে যােৱা ৪ নৱেম্বৰত অনুষ্ঠিত কেবিনেটৰ বৈঠকত উক্ত
৯খন জিলাৰ প্ৰথম শ্ৰেণীৰ হিতাধিকাৰীসকলক ধন প্ৰদানৰ সিদ্ধান্ত লােৱা হৈছিল। যদিহে সকলাে ঠিকে থাকে তেনেহ'লে অহা মাহৰ প্রথম সপ্তাহৰ পৰাই মাইক্রফাইনেন্সৰ ঋণ লােৱাসকলে লাভ কৰিব ধন। ইতিমধ্যে ৰাজ্য চৰকাৰখনে মাইক্র’ ফাইনেন্সৰ ঋণ লােৱা ৰাজ্যৰ এঘাৰ লাখ লােকৰ বাবে প্রথম পর্যায়ত ১৮০০ কোটি টকা অনুমােদন জনাইছে। ঋণ লােৱা মহিলাসকলে পাব সর্বাধিক ২৫ হাজাৰ টকা পর্যন্ত ধন। মাইক্র’ ফাইনেন্সৰ ঋণ লওঁতাসকলক সহায় আগবঢ়োৱাৰ লক্ষ্যৰে অসম চৰকাৰৰ বিত্ত বিভাগে যােৱা আগষ্ট মাহত মাইক্রফাইনেন্স প্রতিষ্ঠানসমূহৰ সৈতে এক
বুজাবুজি চুক্তিও স্বাক্ষৰ কৰিছিল। ৰাজ্যৰ মুঠ ৩৮টা মাইক্রফাইনেন্স বেংক আৰু অন্যান্য বেংকৰ সৈতে এই বুজাবুজি চুক্তি ২০২৩ চনৰ ৩১ মার্চলৈকে কার্যকৰী হ'ব। উল্লেখযােগ্য যে বিগত বিধানসভাৰ নিৰ্বাচনৰ সময়ত বিজেপিয়ে মাইক্রফাইনেন্সৰ পৰা ঋণ লােৱা ৰাজ্যৰ মহিলাসকলৰ ঋণ ৰেহাই দিয়া হ'ব বুলি প্রতিশ্রুতি দিছিল। এই প্রতিশ্রুতিৰ বাবেই নির্বাচনত ৰাজ্যৰ লাখ লাখ
মহিলাই ভােট দিছিল বিজেপিক। আনহাতে শাসনলৈ অহাৰ পাছত মুখ্যমন্ত্ৰীৰ দায়িত্ব লাভ কৰিয়েই ড° হিমন্ত বিশ্বশর্মাইমাইক্রফাইনেন্সৰ ঋণ ৰেহাইৰ প্রক্রিয়া আৰম্ভ কৰিছিল। মন্ত্রী অশােক সিংঘালৰ নেতৃত্বত গঠন কৰি দিছিল এখন কমিটীও। পৰৱৰ্তী সময়ত উক্ত কমিটীখনৰ প্রতিবেদনৰ ভিত্তিতে ঋণগ্রস্ত মহিলাসকলক সহায় কৰাৰ বাবে কেবিনেটে সিদ্ধান্ত লৈছিল। সেই অনুসৰি যিসকলৰ ১০ হাজাৰ টকা, ১৫ হাজাৰ টকা, ২০ হাজাৰ টকা ঋণ ওভতাই দিবলৈ বাকী আছে, তেওঁলােকৰ সমুদায় ধন চৰকাৰে আগবঢ়াব। অৱশ্যে কাৰােবাৰ যদি ৩০ হাজাৰ টকা পৰিশােধ কৰিবলৈ বাকী
আছে তেওঁক চৰকাৰে সৰ্বাধিক ২৫ হাজাৰ টকাহে প্রদান কৰিব। ৰাজ্যৰ প্রায় এঘাৰ লাখ লােকে লােৱা ঋণৰ পৰিমাণ হৈছে প্রায় ১২ হাজাৰ কোটি টকা। ইয়াৰে ৭,২০০ কোটি টকা চৰকাৰে বহন কৰিব আৰু বাকীখিনি ধন মাইক্র’ ফাইনেন্স প্রতিষ্ঠানসমূহে বহন কৰিব।
Post a Comment